Luke 17

বিঘিনি, ক্ষমা, বিশ্বাস, আৰু নম্ৰতাৰ বিষয়ে শিক্ষা

1যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই: কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ। 2সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।

3

তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে তেনেহলে তেওঁক ক্ষমা কৰা।
4তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই উভতি আহি কয়, ‘’মই মন-পালটন কৰিছোঁ”; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”

5

তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
6তেতিয়া প্ৰভুৱে কলে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক কব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।

7

তোমালোকৰ মাজত কাৰোবাৰ দাসে হাল বাই, বা ভেৰা চৰাই পথাৰৰ পৰা যেতিয়া আহে, তেতিয়া তেওঁক কবা নে- “তুমি এতিয়াই আহা, ভোজনত বহা৷”
8তাতকৈ তেওঁক নকবা নে, “মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷”

9

সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
10তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত কবা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ।’”

দহ জন কুষ্ঠ ৰোগীক সুস্থ কৰা

11

যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীলৰ কাষেদি গৈ আছিল।
12সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি, 13বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”

14

তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে শুচি হ’ল।
15তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল; 16আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।

17

ইয়াকে দেখি যীচুৱে কলে, “তোমালোক দহ জনেই শুচি নহলা নে? তেনেহলে আন ন জন ক’ত?
18এই অন্য জাতি মানুহ জনৰ বাহিৰে আন কোনো এজনে ঈশ্বৰক স্তুতি কৰিবলৈ কিয় উলটি নাহিল?” 19পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷’

ঈশ্বৰৰ ৰাজ্যৰ আগমণৰ বিষয়ে শিক্ষা

20

ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে,
21“ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওঁক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”

22

পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
23মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা। 24কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব।

25

কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব।
26নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব। 27নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।

28

সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।
29কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।

30

সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
31সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেন্তে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।

32

লোটৰ তিৰোতাক সোঁৱৰা।
33যি কোনোৱে নিজৰ প্ৰাণ ৰাখিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে প্ৰাণ হেৰুৱায়, তেওঁ তাক বচাব।

34

মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব।
35দুজনী তিৰোতাই একে লগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব। 36দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।” 37তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক কলে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”

Copyright information for AsmULB